58
তেজপুৰঃ পৰম গুৰুজনাই দি থৈ যোৱা শংকৰি কলা-সংস্কৃতিৰ আন এক অভিজাত ৰূপ ভাওনাক বিশেষভাৱে সোমবাৰে অসমৰ প্ৰতি খন ঐতিহ্যমণ্ডিত গাঁৱৰ গঞাই প্ৰাণঢালি জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
গাওঁ সমূহত প্ৰতি বছৰেই নামঘৰে নামঘৰে নামগোৱা-পানীতোলা সৱাহ পাতি শংকৰ গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিক ধ্যাণ-ধাৰণাক সৱল কৰাৰ লগতে প্ৰায়বোৰ নামঘৰতেই গাওঁবাসীয়ে নিশাৰ ভাগত ভাওনা মঞ্চস্থ কৰি উঠি অহা প্ৰজন্মক শংকৰী কৃষ্টিৰ পাঠ দি আহিছে৷
লক্ষণীয় কথা যে পূৰ্বতে কেৱল পুৰুষ সকলে ভাও দি প্ৰদৰ্শন কৰা ভাওনাক এতিয়া পুৰুষ-মহিলাই মঞ্চস্থ কৰি ইয়াৰ এক অনন্য ৰূপ দিবলৈ কৰা প্ৰয়াস গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে৷
শোণিতপুৰ জিলাৰ এখনি জনবহুল গাওঁ মিলনপুৰ শইকীয়া চুবুৰিৰ নামঘৰত বাৰ্ষিক কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে গাওঁখনৰ পুৰুষ-মহিলা সকলে অনুস্থিত কৰিলে ‘ধৰ্মধজ্জা উপাখ্যান’, ‘বলকেটু বধ’ নামৰ পৌৰাণিক নাটখনি৷
গাওঁখনৰ পুৰুষ-বোৱাৰী, জীয়ৰী, বৃদ্ধা সকলো মিলি সাৱলীল অভিনয়ৰে ৰূপায়ণ কৰা ভাওনা খনিৰ অভিনৱ ৰূপ টোৱে দৰ্শক সকলক বিমুগ্ধ কৰে৷ আনহাতে, এই ভাওনা উপভোগ কৰিবলৈ কাষৰীয়া গাওঁ সমূহৰ পৰা আহিও ভালেমান দৰ্শকে ভীৰ কৰে৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাথী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে চুবুৰিখনৰ নতুনকৈ চিকিৎসক হিচাপে উত্তীৰ্ণ হোৱা শ্ৰাৱনিকা শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়।