ভুৱনেশ্বৰঃ ২০১৮ বৰ্ষৰ পুৰুষ বিশ্বকাপ অনুষ্ঠিত হ’ব ভুবেনশ্বৰত৷ আজি আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে এই কথা ঘোষণা কৰে৷ তদুপৰি ২০১৭ বৰ্ষত হ’বলগীয়া হকী ৱৰ্ল্ড লীগ  ফাইনেলো অনুষ্ঠিত হ’ব ভুবনেশ্বৰত৷

চহৰখনৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হকীৰ দুই বৃহৎ প্ৰতিযোগীতা৷ ২০১০ত এথলেটিকচ, হকী, ফুটবল ইত্যাদি খেলসমুহ অনুষ্ঠিত কৰিবলৈ এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল৷

আজি এই ঘোষণা কৰি ফিফাৰ মুখ্য কাৰ্যবাহী বিষয়া জেচন মেকক্ৰেকেণে কয় যে হকীৰ লগত ভাৰতৰ এক গৌৰৱোজ্জল অধ্যায় জড়িত হৈ আছে৷ অনাগত এই অনুষ্ঠান সকলোৰ বাবে চিৰস্মৰণীয় হ’ব বুলিও আশা কৰে কাৰ্যবাহী বিষয়াজনে৷