♦♦ মানুহে মানুহৰ বাবে... ♦♦

মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?

মানুহে মানু্হক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পুৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব
কোৱা -- সমনীয়া?
 
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি?

মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা সমনীয়া?
                      (ৰচনা কাল : ১৯৬০)