newsnextone.com | ডিজিটেল ডেস্কঃ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে মাথো এটা ঘোষণা কৰিছিল৷ এই ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷
টকাৰ অভাৱত ককবকাব লগা হয় দেশৰ লাখ লাখ লোকে৷ এই দিনটোক ইতিহাসে কলা দিৱস হিচাপে মনত ৰাখিব সমগ্ৰ দেশ৷ বিমুদ্ৰাকৰণ দেশৰ অৰ্থনীতিলে ভয়ংকৰ দিন কঢ়িয়াই অনা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷