ডিব্ৰুগড়ঃ সম্পত্তি বুলিবলৈ একো নাই৷ মাথো ঘৰৰ ভেটিটো৷ দুটি কোঠাৰ এটি ঘৰ সেয়া বৰ্ণনা কৰিব নোৱাৰি৷ ঘৰৰ ভিতৰৰ পৰা আকাশৰ তৰা গণনা কৰিব পাৰি৷এটি অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেও৷ যৌৱন লাভ কৰাৰ পূৰ্বৰ পৰাই ইঘৰ-সিঘৰে কাম কৰি প্ৰতিদিনে টকা উপাৰ্জন কৰিছিল তেও৷ গধুলি ঘৰলৈ আহি পিতৃ-মাতৃৰ হাতত তুলি দিছিল টকা কেইটা৷ তেওঁৰ চকুৰ পিনে নোচোৱাকৈ মাতৃয়ে হাত পাতি লৈছিল টকা কেইটা৷ যি কেইটা টকাৰ মাতৃক প্ৰয়োজন আছিল৷
কিন্তু কিশোৰ পুত্ৰৰ উপাৰ্জন বিছৰা নাছিল যদিও দৰিদ্ৰতাই সকলো সম্ভৱ কৰিবলৈ বাধ্য কৰিলে৷ সন্তানটোক পঢ়াই-শুনাই বৰ মানুহ কৰাৰ খুবেই ইচ্ছা কৰিছিল যদিও দৰিদ্ৰতাই হেঙাৰ হৈ থিয় দিছিল৷ পিতৃ-মাতৃৰ কথা মতে তেও বিবাহ পাশত আবদ্ধ হৈ এটি সন্তানৰ পিতৃ হ’ল। নাম তেওৰ উমাকান্ত চেতিয়া৷ হয়, শদিয়াৰ দুপনিবৰ গাঁৱৰ উমাকান্ত চেতিয়াৰ কথাকে কৈছো৷