ডিজিটেল ডেস্কঃ আম আদমী দলৰ নেতালৈ আইনী সূচনা অমিতাভ বচ্চনৰ৷ অভিনেতাজনৰ পিতৃ তথা কবি হৰিবংশ ৰায় বচ্চনৰ কবিতা এটাৰ বাবেই নেতাজনৰ বিৰুদ্ধে এই পদক্ষেপ বিগ বিৰ৷ 

কুমাৰ বিশ্বাস নামৰ নেতাজনে হৰিবংশ ৰায় বচ্চনৰ ’নীড় কা নিৰ্মান’ নামৰ কবিতাটো আবৃত্তি কৰি পোষ্ট কৰিছিল ইউটিউবত৷ অৱেশ্যে ভিডিঅ’টোট কবিজনৰ কথা উল্লেখ কৰিছিল নেতাজনে৷ 

কিন্তু এই কথাতে খড়্গহস্ত হৈ পৰে বিগ বি৷ ইয়াৰ পিছতেই নেতাজনৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ অভিযোগত আইনী জাননী পঠিয়ায় বৰ্ষীয়ান অভিনেতাজনে৷ 

তদুপৰি কুমাৰ বিশ্বাসক টেগ কৰিও এই ভিডিঅ’টো নিৰ্মান কৰি কপিৰাইট উলংঘন কৰা বুলি প্ৰকাশ কৰে বিগ বিয়ে৷ এই জাননী পোৱাৰ পিছতেই নেতাজনে টুইটাৰৰ জৰিয়তে কয় যে ’সকলো কবিয়ে এই কবিতাটোৰ বাবে মোক প্ৰশংসা কৰিছে৷ কিন্তু আপুনি মোক জাননী প্ৰেৰণ কৰিছে৷ গতিকে এই কবিতা মই ডিলিট কৰিছো।’

আনহাতে কুমাৰ বিশ্বাসৰ এই টুইটৰ পিছতেই বিগ বিয়ে বিদ্ৰুপ কৰি কয় যে 'যদি কিছু লোকক কও মগজুটো এটা এপ, তেতিয়া হয়তো সেই লোকসকলে মগজুটো ব্যৱহাৰ কৰিলে হয়’৷ অৱেশ্যে টুইটাৰত কাৰো নাম উল্লেখ নকৰিলেও কুমাৰ বিশ্বাসলৈয়ে শৰ এৰিছে বিগ বিয়ে৷⁠⁠⁠⁠