বিহালীঃ দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে ভাল খবৰটো পালে কাঠ মিস্ত্ৰীজনে। বিজ্ঞান শাখাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ছাত্ৰজনে পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই ফলাফল ঘোষণাৰ দিনটোতো হাতুৰি-বটালি লৈ ওলাই যাবলগীয়া হ’ল কামৰ সন্ধানত।
কামৰ মাজতো পঢ়া-শুনা সঠিকভাবে আগবঢ়াই নিয়া বিহালীৰ এইজন ছাত্ৰই বিজ্ঞান শাখাত লাভ কৰে ৬৯.২ শতাংশ নম্বৰ। অসমীয়া আৰু ভূগোল বিষয়ত লেটাৰ নম্বৰ লাভ কৰা বিশ্বনাথ মহাবিদ্যালয়ৰ এই ছাত্ৰজন হৈছে আব্দুল মোতালিব।