নাৰায়ণপুৰঃ দুৰ্নীতিক এতিয়াও মষিমূৰ কৰিব পৰা নাই পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি দলটোৱে। তাৰ এখন স্পষ্ট ছবি দেখা গৈছে ২০১৪-১৫ আৰু ২০১৫-১৬ বিত্তীয় বৰ্ষত তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৯নং বিহপুৰীয়া বিধানসভা সমষ্টিত।
সমষ্টিটোত সংসদীয় পুঁজিৰ অধীনত কাম চলি থকা বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে সচেতন মহলৰ লগতে একাংশ দলীয় কৰ্মী। সত্যাসত্যৰ বাবে বিজেপি দলৰ একাংশ কৰ্মকর্তাই দেওবাৰে ধলপুৰ ৰাজবাৰীস্থিত ৰংমঞ্চত এখন আলোচনা সভাৰ আয়োজন কৰে।