গুৱাহাটীঃ শৰাইঘাতৰ শেষ ৰণত পৰাজিত হল অসমীয়া৷ জাতি, মাটি, ভেটি ৰক্ষাৰ নাম দিছপুৰৰ গাডী দখল কৰা জাতিৰ নায়ক জনেওঁ যেন মানি ললে বৈশ্যতা৷ অসমীয়াৰ জাতি গ’ল, মাটিওঁ গ’ল, ভেটিওঁ গ’ল। এইবাৰ চৰকাৰে পাহৰিব নেকি বাপুতিসাঁহোন বিহুৰে গুৰুত্বক। কিয়নো অসমীয়াৰ আদৰৰ বিহুটিক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে।
কঙালীক লৈ অসমীয়াৰ বাবে আহিছে দুখবৰ৷ আদৰৰ কাতি বিহুতি সঁচাকৈ যেন হৈ পৰিছে কঙালী৷ কাতি বিহুত অসম চৰকাৰে অৰ্ধছুটী দিন ঘোষনা কৰাক লৈ সময়ে সময়ে নানান বিতৰ্ক সূত্ৰপাত হৈ আহিছে৷ সেই সময়তেই বহিঃ ৰাজ্যৰ উৎসৱ ষট্ পূজাত ৰাজ্য চৰকাৰে সম্পূৰ্ণ ছুটী ঘোষণাা কৰি জ্বলা জুইত ঘিউ ধলাৰ দৰে কাৰ্য্য কৰিছে৷