ডিজিটেল ৰিপ'ৰ্টঃ বিহু বিনন্দীয়া। প্ৰতিজন অসমীয়াৰ মনত বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। স্বদেশতেই  হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মনে। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও দক্ষিণ আফ্ৰিকাৰ অসম এছ'চিয়েশ্যনৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উদযাপন কৰা হয় বাপতি সাহোন বিহুটি।

বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে পলমকৈ হ'লেও প্ৰবাসী ভাৰতীয়সকলে সময় সুযোগ মিলাই যোৱা ২৭ মে'ৰ দিনাখন দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ পাৰেল চহৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিহু উৎসৱত অামেৰিকা, ছুইজাৰলেণ্ড, জাৰ্মানী, নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বহু সংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে।

নামিবিয়াৰ পৰা অহা আমন্ত্ৰিত মুখ্য অতিথিদ্বয় ক্ৰমে দিগন্ত শৰ্মা আৰু স্বপ্না শৰ্মাই বন্তি প্ৰজ্বলেনেৰে বিহু উৎসৱৰ শুভাৰম্ভ কৰাৰ পিছতে অসম এছ'চিয়েশ্যনৰ সহ: সাধাৰণ সম্পাদক ভাস্কৰ চক্ৰৱৰ্তীয়ে অনুষ্ঠানটোৰ তাৎপৰ্য বাখ্যা কৰে। অগ্নিভ দত্ত আৰু ছবিনা য়াচমিনে আঁত ধৰা বিহু উৎসৱত কেবাখনো দেশৰ পৰা সমবেত হোৱা প্ৰবাসী অসমীয়াই বিহু গীতৰ তালে তালে কঁকাল ঘূৰাই নাচে।

ইয়াৰোপৰি বিহু উৎসৱৰ সৈতে সংগতি ৰাখি আয়োজিত হোৱা সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচীত কণমানি অৰ্কুপল দত্তই বিহুৰ বিষয়ে কৈ সকলোৰে মাজত উৎসাহৰ সৃষ্টি কৰে। সাংস্কৃতিক কাৰ্যসূচীত কণমানি নাতাছা শইকীয়া, ছফিয়া, পুষ্পাক্ষী শৰ্মা আৰু ভাস্কৰ চক্ৰৱৰ্তীৰ আধুনিক নৃত্য, আদিত্য দাস, কস্তুৰী হাজৰিকা, দেৱজিৎ শইকীয়া আৰু  ৰীমা দাসৰ আধুনিক সংগীতেও দৰ্শকৰ মন প্ৰাণ মুহি নিয়ে। 

আনহাতে বিহু হুঁচৰিত দক্ষিণ আফ্ৰিকাৰ প্ৰবাসী অসমীয়াৰ লগতে আমেৰিকা, জাৰ্মানী, ছুইজাৰলেণ্ড আদি কেবাখনো দেশৰ নাগৰিকেও অংশগ্ৰহণ কৰি কঁকাল ভাঙি নাচি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে বিহু উৎসৱৰ সৈতে সংগতি ৰাখি কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জোহান্সবাৰ্গৰ পাৰেশ চহৰত অনুষ্ঠিত হোৱা বিহু উৎসৱৰ সকলো অতিথি আৰু দৰ্শকক অসমীয়া পিঠা পনা তথা জা-জলপানেৰে আপ্যায়ন কৰা হয়। অনুষ্ঠানৰ শেষত অসম এছ'চিয়েশ্যনৰ সভাপতি শ্বেখ জয়নুল হকে বিদেশত থাকিলেও বাপতি সাহন বিহু প্ৰতিবছৰে উদযাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।