আজাৰাঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰস্থল বিজয়নগৰৰ পৰা কিছু নিলগত অৱস্থিত অমৃত চন্দ্ৰ ঠাকুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য শাখাত ৯৩.৭ শতাংশ আৰু কলা শাখাত ১০০ শতাংশ উত্তীৰ্ণ হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ এনে সাফল্যত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। বিদ্যালয়খনৰ বাণিজ্যিক শাখাত ৯৭ গৰাকী আৰু কলা শাখাত ৯৩ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে বাণিজ্যিক শাখাত৮ গৰাকী প্ৰথম, ২৭ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৩৯ গৰাকীয়ে তৃতীয় স্থানত উত্তীৰ্ণ হয়।
আনহাতে কলা শাখাত এগৰাকীয়ে প্ৰথম বিভাগত, ৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩২গৰাকীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, বাণিজ্যিক শাখাত দীক্ষা আগৰৱালে ডিষ্টিংশ্যন পোৱাৰ বিপৰীতে কিশোৰ কলিতা, মৃণালিণী সিনহা, দীক্ষা আগৰৱালাই ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হয়।
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে পৰিচালনা সমিতি। ভৱিষ্যতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশ যাতে আৰু উন্নত হয় তাৰ বাবে আজি পৰিচালনা সমিতিয়ে এখন জৰুৰী সভা অনুষ্ঠিত হয়।
মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জয় কুমাৰ জৈনৰ সভাপতিত্বত আনুষ্ঠিত হোৱা সভাখনত মহাবিদ্যালয়ৰ অধ্যক্ষ সমীৰণ শৰ্মা, সম্পাদক প্ৰবোধ চন্দ্ৰ শৰ্মা, সদস্য ৰাজেন দাসৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি বিভিন্ন বিষয়ত আলোচনা কৰে।