বিলাসীপাৰাঃ বিজেপি চৰকাৰখনে বিনামূলীয়াকৈ শালি ধানৰ বীজ আৱন্টন দিয়াৰ ফলত শনিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা কৃষি বিজ্ঞান কেন্দ্ৰত ধানৰ বীজ বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাত কৃষক মহিলাসকল আৰু একাংশ ৰাইজৰ মাজত এক গুৰুত্বৰ  অভিযোগ উত্থাপিত হৈছে। 

উল্লেখ্য যে, ষড়যন্ত্র মূলকভাৱে তালিকাৰপৰা প্ৰকৃতি কৃষক মহিলা সকলৰ নাম কৰ্তন কৰি কৃষক বিহীন ৰাইজৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰিছে।

মনকৰিবলগীয়া যে তালিকাখনত কোনো কোনো পৰিয়ালত এটাৰপৰা তিনিটা পৰ্যন্ত বীজ আৱন্টনৰ নাম আছে আৰু কোনো পৰিয়ালত বীজ আৱন্টনৰ নাম এটাও নাই বুলি হাকামা গাঁও পঞ্চায়তৰ অন্তৰ্গত গোপী গাঁওৰ প্ৰকৃতি কৃষক মহিলা সকল আৰু একাংশ ৰাইজে সংবাদ-মাধ্যমৰ আগত এক গুৰুত্বৰ অভিযোগ উথাপন কৰে।

বিলাসীপাৰা, জহিৰুল ইচলাম