বিলাসীপাৰাৰপৰা  জহিৰুল ইচলামৰ প্ৰতিবেদন

বিলাসীপাৰাঃ শাসনাধিষ্টিত চৰকাৰখনৰ ২৭ নং পূৱ বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰা চহৰ খন মডেল চহৰ বনাব বুলি সৰ্বত্রে সদাশয় ৰাইজৰ মাজত ডাক-ঢোল বজাই আছিল যদিও কাৰ্যক্ষেত্রত সেয়া নহয় বুলি ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে৷

উল্লেখ্য যে, অতিকৈ সৰ্বত্রে স্কুলীয়া ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত যাতায়ত ক্ষেত্ৰত আৰু পাঁচ ওৱাক্ত নামাজী তথা অতিকৈ ৰোজাৰ দিনত তাৰাবী নামাজী ব্যক্তি সকলৰ ক্ষেত্ৰত সামান্য পৰিমাণে বৰষুণ পৰিলেই বিলাসীপাৰা চহৰৰ ৭ নন্বৰ ৱাৰ্ডৰ কুকুৰীপাৰা অঞ্চলবাসী ৰাইজে কৃত্রিম বানত জীয়াঁতু ভুগিবলগা হৈছে।

লগতে উক্ত ৭ নং ৱাৰ্ডৰ কুকুৰীপাৰা অঞ্চলটোত অইন এটা ৰাস্তাৰ ৰাইজৰ গুৰুত্বৰ অভিযোগ উথাপিত হৈছে। মনকৰিবলগীয়া যে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এম জি এন ৰেখা আঁচনিৰ চাইন বোৰ্ডবিহীন ৰাস্তাটোত নিম্ন মানৰ ইটা, বালি, চিমেন্টৰ ফলত আৰু লোহাৰ ওৰ্ৱাট নিদিয়াৰ বিনিময়ত ৰাস্তাটোৰ  কাম সম্পূৰ্ণৰূপে শেষ নাপাওঁতেই জহি-খহি পৰিছে চি চি ব্লগৰ গাৰ্ড ওৱাল।  

বিলাসীপাৰা নগৰ সমিতিৰ চেয়াৰমেন দ্বীপ শৰ্মাই দালালৰ হতুৱাই ৰাস্তাটোত ২ (দুই লক্ষ) ৫০ হেজাৰ টকাৰ কামৰ ভিতৰত ৫০-৬০ হাজাৰ টকাৰ কাম কৰি দ্বায়িত্ব সামৰিছে বুলি ৰাইজৰ গুৰুত্ব অভিযোগ৷