হাওৰাঘাটঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অব্যাহত আছে চৰকাৰী বিদ্যালয়সমূহৰ শ্মশান যাত্ৰা৷ তাৰ বিপৰীতে উজ্বলিছে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহ৷
ঐতিহ্যমণ্ডিত হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল দিনক দিনে চূড়ান্তভাৱে অৱনমিত হোৱা পৰিলক্ষিত হৈছে৷ একেই অৱস্থা হাওৰাঘাট নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়, অক্ কেৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবিল বীণাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাওৰাঘাট বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰতো৷