টেক্সাছঃ টাইটানিক, এলিয়েনচ, টাৰ্মিনেটৰ আদি ব্লকবাষ্টাৰ চিনেমাত অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰা বিখ্যাত অভিনেতা বিল পেক্সটনৰ দেওবাৰে ৬১ বছৰ বয়সত মৃত্যু ঘটে। হৃদৰোগজনিত শল্য চিকিৎসাৰ সময়ত অভিনেতাগৰাকীৰ বিয়োগ ঘটে বুলি পৰিয়ালবৰ্গই এক বিজ্ঞপ্তিযোগে ৰাজহুৱা কৰে।
১৯৮৪ চনতে দা টাৰ্মিনেটৰ নামৰ ছবিখনত অনবদ্য অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰা পেক্সটনে পিছলৈ ৱেইৰ্ড চায়েন্স, এলিয়েন্স, নিয়েৰ ডাৰ্ক আদি ছবিত অভিনয় কৰি বিশ্বজুৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।