63
গুৱাহাটীঃ অসম আন্দোলনৰ এগৰাকী নেতা তথা অসম চুক্তিৰ এগৰাকী অন্যতম স্বাক্ষৰকাৰী অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিৰাজ কুমাৰ শৰ্মাৰ আজি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত আজি তেখেতৰ মৃত্যু হয়। চাৰিদিন পুৰ্বে তেখেতক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭০ বছৰ হৈছিল। প্ৰয়াত শৰ্মা অসম আন্দেলনৰ এগৰাকী অন্যতম নেতা আছিল।