চামগুৰিঃ বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বিশ্বেশ্বৰ বৰাই বুধবাৰে বিয়লি ৩-৪৫ মিনিটত মৃত্যুক আকোৱালি লয়৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ কাষৰিগাঁওস্থিত নিজা বাসগৃহত মৃত্যুক ৯৩ বছৰ বয়সত মৃত্যুক আকোৱালি লয় বিশ্বেশ্বৰ বৰাই৷ ওৰেটো জীৱন সমাজসেৱাৰ সৈতে জড়িত থকা মহীৰূহগৰাকীৰ মৃত্যুত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শৈক্ষিক সমাজ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা শোকত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হয়৷
১৯২৫ চনৰ ২৩ মে’ত জন্মগ্ৰহণ কৰা বৰাই পুৰণিগুদামৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতো পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যানিকেতনৰ শৈক্ষিক সঞ্চালক (অবৈতনিক) ৰূপে মৃত্যুৰ আগমূহুৰ্তলৈকে সেৱা আগবঢ়াই আছিল৷ সংস্কৃতিৱান ব্যক্তি হিচাপে পৰিচিত সৰবৰহী তথা অমায়িক ব্যক্তিগৰাকীয়ে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি অভিভাৱকৰ দায়িত্ব পালন কৰি গৈছিল৷