তেজপুৰ টাউনঃ মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰা কন্ঠশিল্পী জুবিন গাৰ্গৰ কাঞ্চনজংঘা নামৰ ছবিখনত ব্ৰাহ্মণৰ লগুণ চিঙাৰ দৃশ্য গ্ৰহণ কৰা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আহিছে৷ ব্ৰাহ্মণ সকলৰ পবিত্ৰ লগুণ ছিঙাৰ দৃশ্য থকা প্ৰচাৰ হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ ব্ৰাহ্মণ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
অসমৰ চলচ্চিত্ৰ ইতিহাসত ধৰ্মীয় অনুভূতিক আঘাত কৰি কোনো দৃশ্য আজিলা প্ৰদৰ্শন হোৱা নাই বুলি কৈ শিল্পী জুবিন গাৰ্গক এনে কাম নকৰিবলৈ কয় জিলাখনৰ ব্ৰাহ্মণ সমাজে৷ পবিত্ৰ লগুণ ছিঙাৰ দৃশ্য ছবিখনৰ পৰা আতৰ কৰাৰো দাবী জনাই সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে।