Home অন্যান্য খবৰঅসম আদৰ্শ বিদ্যালয় বৰপামৰ ঘৰে ঘৰে শিক্ষক কাৰ্যসূচী

অসম আদৰ্শ বিদ্যালয় বৰপামৰ ঘৰে ঘৰে শিক্ষক কাৰ্যসূচী

by News Desk
67 views
A+A-
Reset

News Next One , বিশ্বনাথ চাৰিআলি, ৮ ছেপ্তেম্বৰ ঃ কভিড অতিমাৰীয়ে বিধ্বস্ত কৰা শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সপোন সুৰক্ষিত কৰিবলৈ অসম আদৰ্শ বিদ্যালয় বৰপামৰ এক আদৰ্শনীয় পদক্ষেপ হ’ল ” ঘৰে ঘৰে শিক্ষা”। অসম আদৰ্শ বিদ্যালয় বৰপামৰ ছাত্ৰ-ছাত্ৰী সকলে বিগত দিনবোৰত অনলাইন ক্লাছ কৰি আছিল। অনলাইন ক্লাছ সমূহত বিদ্যালয়ৰ ৮০ শতাংশক সাঙুৰি লোৱা হৈছিল যদিও ২০ শতাংশ বঞ্চিত হৈ থাকিব লগা হৈছিল। সেইবাবে অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনস্থ অসম আদৰ্শ বিদ্যালয় বৰপামত সঞ্চালক নৃপেন বৰদলৈ আৰু প্ৰধান শিক্ষক সঞ্জয় কলিতাৰ পৰিকল্পনা অনুসৰি শিক্ষকক ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। বিদ্যালয় খনৰ এই প্ৰচেষ্টাক অভিভাৱক সকলৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে ঘৰে ঘৰে শিক্ষা প্ৰদানত সম্পূৰ্ণ কভিড নিয়ম মানি চলা হৈছে। অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশীয়ে শিশুৰ শৈক্ষিক দিশত হোৱা ক্ষতিৰ পৰিমাণ এই প্ৰক্ৰিয়াৰ মাজেৰে কিছু পৰিমাণে সকাহ দিব পৰা যাব বুলি মন্তব্য ব্যাক্ত কৰে। জাতীয় আদৰ্শ শিক্ষা সংসদৰ উপাধ্যক্ষ ইংলেণ্ড নিবাসী বিশিষ্ট চিকিৎসক জয়ন্ত বিশ্ব শৰ্মাই অসম আদৰ্শ বিদ্যালয় বৰপামে গ্ৰহণ কৰা পদক্ষেপ সংসদৰ অধীনস্থ আন ১৯ খন বিদ্যালয়ক গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেখেতৰ মতে সকলো সমস্যাৰে সমাধান থাকে, সমস্যাটৌক পাগুলি থাকি সময় পাৰ কৰাতকৈ ইয়াৰ সমাধানৰ দিশে আগবাঢ়ি যোৱাতোহে উত্তম। বিদ্যালয়খনৰ ‘ঘৰে ঘৰে শিক্ষা’ পাঠদানত গিতাঞ্জলী কুৰ্মী, মণিদ্বীপা দাস শইকীয়া, বৰ্ণালী কুৰ্মী, পূৰ্ণিমা বসুমতাৰী, হেমন্ত কেওঁট, সঞ্জয় কলিতা, উৰ্মিলা বসুমতাৰী আৰু পূৰ্ণিমা বৰমুদৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পাঠদান কৰি আছে। সঞ্চালক নৃপেন বৰদলৈয়ে সাংবাদিকক জনোৱা মতে শিশুৰ প্ৰকৃত শিক্ষা শিক্ষকৰ সংস্পৰ্শত হে সম্ভৱ। শিক্ষক অবিহনে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ভেটি সুদীঢ় কৰিব নোৱাৰি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অনলাইন মাধ্যম সফল হ’লেও প্ৰাথমিক স্তৰত ইয়াক সফল হোৱা দেখা নাযায়।

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0