বিশ্বনাথত স্বাধীনতা দিৱসত ‘স্বদেশ’ প্ৰাচীৰ পত্ৰিকা উন্মোচন

Home অন্যান্য খবৰবিশ্বনাথত স্বাধীনতা দিৱসত ‘স্বদেশ’ প্ৰাচীৰ পত্ৰিকা উন্মোচন

বিশ্বনাথত স্বাধীনতা দিৱসত ‘স্বদেশ’ প্ৰাচীৰ পত্ৰিকা উন্মোচন

by News Desk
67 views
A+A-
Reset

News Next One , বিশ্বনাথ চাৰিআলি , ১৫ আগষ্ট ঃ দেশৰ সৰ্বতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰাৰ সমান্তৰালকৈ বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় ৷ দিৱসটিৰ লগত সংগতি ৰাখি ‘স্বদেশ ” নামৰ হাতে লিখা প্ৰাচীৰ পত্ৰিকা প্ৰথম বাৰৰ বাবে উন্মোচন কৰা হয় ।

বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা সভাপতি , অতিৰিক্ত উপায়ুক্ত তথা সু-লেখক সূৰ্য কমল বৰা সম্পাদক আৰু সহকাৰী আয়ুক্ত কংকনা শইকীয়া, ডo ভূপালী কাশ্যপৰ সহকাৰী সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা খনিত বিশ্বনাথ-বিহালীৰ বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ লগতে ছাত্ৰ – ছাত্ৰীৰ লিখনিৰ সমৃদ্ধৰে বিশ্বনাথৰ স্বাধীনতা সংগ্ৰামী সত্বাক উদ্ভাসিত কৰাৰ প্ৰয়াস কৰিছে । প্ৰাচীৰ পত্ৰিকা খনি উন্মোচন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে । উন্মোচনী অনুষ্ঠানত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথম বাৰ লোৱা এনে প্ৰচেষ্টাক সকলোকে ধন্যবাদ জনাই ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0