Home অন্যান্য খবৰবিশ্বনাথৰ লছমণবস্তিত “বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰ”ৰ শুভ উদ্বোধন

বিশ্বনাথৰ লছমণবস্তিত “বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰ”ৰ শুভ উদ্বোধন

by News Desk
62 views
A+A-
Reset

News Next One , বিশ্বনাথ চাৰিআলি , ১১ আগষ্ট ঃ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিশ্বনাথ জিলাৰ অধীনস্থ লছমণবস্তিত ” বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰ”ৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট সমাজকৰ্মী গোবিন্দ ভূঞাৰ আঁত ধৰা সভাত কাৰ্যসুচীৰ আৰম্ভণিতে বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ অভিযন্তা বিমান হালৈ , কাৰিকৰী অভিযন্তা ধৈৰ্য হাজৰিকা , বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্বাছ আলি আৰু ছেলাইখাতি পঞ্চায়তৰ সভাপতি ধৰমসিং ৰংহাংক সম্বৰ্ধনা জনাই ৷ তৎপশ্চাৎ বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ অভিযন্তা গৰাকীয়ে বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰৰ সেৱা সম্পৰ্কীয় বিস্তৃত বিবৰণ দাঙি ধৰে ৷ বক্তব্য প্ৰসংগত বিদ্যুৎৰ সেৱা সম্প্ৰসাৰণ বিষয়ৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ এলেকাৰ ৰাইজে বিদ্যুৎৰ বিল এই সেৱা কেন্দ্ৰতেই আদায় দিব পাৰিব বুলি উল্লেখ কৰে ৷ ইয়াৰ বাবে অতিৰিক্ত মাচুল লোৱা নহয় বুলিও ৰাইজক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বিদ্যুৎৰ যোগান সম্পৰ্কীয় বিভিন্ন সমস্যাদি তথা অভিযোগ আদিও এই বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰত লিখিত বা মৌখিক আকাৰে দিব পাৰিব বুলি অভিযন্তা গৰাকীয়ে সদৰি কৰে ৷ আৰু কাৰ্যসুচী অনুসৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা অনুমোদন প্ৰাপ্ত বিদ্যুত বিল পৰিশোধ কেন্দ্ৰ লছমণবস্তি শাখা কাৰ্যালয়ৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে অভিযন্তা হালৈয়ে ৷ ৰাইজৰ তৰফৰ পৰা বিদ্যুতৰ বিল পৰিশোধ সম্পৰ্কীয় বিভিন্ন অসুবিধা সমুহ উল্লেখ কৰি এক বহু দিনীয়া আশা পুৰণ হোৱা বুলি মতামত আগবঢ়াই ৷ গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত সাকোমঠা সমবায় সমিতিৰ সভাপতি নাৰায়ণ উপাধ্যায় , বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ , পাভৈ আছুৰ সম্পাদক সুশীল তাতিৰ উপৰিও বিশ্বনাথ জিলা গ্ৰাম্য ঔষধ বিক্ৰেতা সন্থাৰ সভাপতি জিতু হাজৰিকাৰ লগতে বিদ্যুৎ বিভাগৰ বিভিন্ন পদত থকা বিষয়া কৰ্মচাৰী সকল উপস্থিত থকা প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে ৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যুৎ বিল পৰিশোধ কেন্দ্ৰৰ স্বৰ্তাধিকাৰী প্ৰজ্বলিকা শইকীয়াই ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0