Home অন্যান্য খবৰবিশ্বনাথ চাৰিআলিৰ প্ৰধান শিক্ষক ফটিক বৰাক সম্বৰ্ধনা

বিশ্বনাথ চাৰিআলিৰ প্ৰধান শিক্ষক ফটিক বৰাক সম্বৰ্ধনা

by News Desk
79 views
A+A-
Reset

News Next one , বিশ্বনাথ চাৰিআলি ঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে ৰাষ্ট্ৰ ভাষা প্ৰচাৰ ,প্ৰসাৰ , আৰু শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গঢ় লৈ উঠা বিশ্বনাথ চাৰিআলি ৰাষ্ট্রীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ফটিক বৰাই আজি অৱসৰ গ্ৰহন কৰে ৷

উল্লেখ্য যে শিক্ষকতা জীবনৰ ৪০ বছৰ সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহন কৰা প্ৰধান শিক্ষক গৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যে বিশেষ কাৰ্যসুচী গ্ৰহন কৰি আয়োজিত এক অনুষ্ঠানত
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি , প্ৰাক্তন সভাপতি , ৩ নং ৱাৰ্ড কমিচনাৰ, শিক্ষক, স্থানীয় নাগৰিক সমন্বিতে ছাত্ৰ -ছাত্ৰী সকলে প্ৰাক্তন প্ৰধান শিক্ষক ফটিক বৰাক ফুলাম গামোছা আৰু উপহাৰ দি সম্বৰ্দ্ধনা জনাই ৷ এই অনুষ্ঠানতে প্ৰধান শিক্ষক
ফটিক বৰায়ে আনুষ্ঠানিক ভাবে বিদ্যালয়ৰ সহকাৰী শিক্ষক সূর্যনাৰায়ণ পাণ্ডেক বিদ্যালয়খনৰ সম্পূর্ণ দায়িত্ব অৰ্পণ কৰে আৰু নিজৰ কাৰ্যকালৰ চমু খতিয়ান দাঙি ধৰাৰ লগতে স্মৰণীয় ক্ষণৰ স্মৃতি বিজড়িত বিষয়ৰ ওপৰতো আলোকপাত কৰি ভাৱবিভোৰ বক্তব্য ৰাখে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0