আব্দুল বাৰেক, বিহালীঃ যোৱা ২৯ এপ্ৰিলত দক্ষিণ ভাৰতৰ কেৰালাৰ কেলিকাট তাজ হোটেলত ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিশুসকলৰ অংশগ্ৰহণৰে অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ইণ্ডিয়া শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত উজ্জ্বলি উঠিছে কৰ্মসূত্ৰে তামিলনাডুত বাস কৰা বিশ্বনাথৰ বাবুল বেহুৰা আৰু গৌৰী বেহুৰাৰ কন্যা চুহানী বেহুৰা৷
উক্ত প্ৰতিযোগিতাত অসমৰ পাট-মুগাৰ সাজপাৰৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিচাৰকৰ সন্মুখত দক্ষতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ জৰিয়তে এক্সট্ৰিম টেলেণ্ট প্ৰিন্স এণ্ড প্ৰিন্সচেছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷