56
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা কাৰাগাৰৰ ভিতৰত দেওবাৰে কাৰাগাৰৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত আৰু কাৰাবন্দীসকলৰ সহযোগত বসন্ত উৎসৱ পালন কৰা হয়।
পুৱা ১০ বজাৰপৰা অনুষ্ঠিত এই বসন্ত উৎসৱত বিভিন্ন গীত-মাত, কলা-কৃষ্টি, নৃত্য প্ৰদৰ্শন কৰা হয়। আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মনালিচা বৰা ভূঞাই আঁত ধৰা সভাখনত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এগচি বন্তি প্ৰজ্বলনেৰে সভাখন উদ্বোধন কৰে।