বালিচাং আৰক্ষীৰ সফল অভিযানত সহস্ৰাধিক লিটাৰ মদ জব্দ

Home অন্যান্য খবৰবালিচাং আৰক্ষীৰ সফল অভিযানত সহস্ৰাধিক লিটাৰ মদ জব্দ

বালিচাং আৰক্ষীৰ সফল অভিযানত সহস্ৰাধিক লিটাৰ মদ জব্দ

by News Desk
92 views
A+A-
Reset

NEWS NEXT ONE , বিশ্বনাথ চাৰিআলিৰ ,১০ জুলাই ঃ
কডিডৰ পৰিস্থিতি মুকাবিলা কৰা বিশ্বনাথ জিলা প্ৰশাসনে সৰ্বতোভাৱে ব্যৱস্থা গ্ৰহন কৰা স্বত্তেও পৰিস্থিতি অনুকুল নোহোৱাত সমগ্ৰ বিশ্বনাথ জিলা খনতে সম্পূৰ্ণ লকডাউনৰ ঘোষনা কৰিছে ৷ কভি’ডৰ শোচনীয় পৰিস্থিতিৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকাৰ নিৰ্দেশ ক্ৰমে বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও গুৰুত্বপুৰ্ন সিদ্ধান্ত গ্ৰহন কৰে ৷ বিশেষকৈ মদৰ প্ৰচলন থকা স্থান সমুহত কভিড১৯ গণ সংক্ৰমনৰ আশংকা প্ৰকাশ কৰা মন্ত্ৰী পিযুষ হাজৰিকাই মদৰ ঘাটি উৎখাত কৰাৰ কাঢ়া নিৰ্দেশ দিয়ে ৷ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বিশ্বনাথ জিলা প্ৰশাসনে মুখ্যতঃ মদৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈ পৰে ৷ ইতিমধ্যে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত মদৰ সাম্ভাৱ্য ঘাটি সমুহ চিনাক্ত কৰি অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ জানিব পৰা মতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিভিন্ন অঞ্চলকে ধৰি মদৰ ঘাটি হিচাবে খ্যাত মহজুলি বস্তি আৰু মহজুলি পথাৰত বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্বাছ আলিৰ নেতৃত্বত C.R.P.F , আবকাৰী বিভাগ আৰু মহিলা আৰক্ষীৰ দলে আকস্মিক ভাবে সুৰা উৎখাত কৰাৰ অভিযান চলাই ৷ অভিযানৰ সময়ছোৱাত মিনা কিলিংপীৰ গৃহত ২০০ লিটাৰ , সিং বে’ৰ গৃহত ১০০ লিটাৰ ,মিলী বেপীৰ গৃহত ১৫০ লিটাৰৰ উপৰিও , মানিক বে , দিলীপ তিমুং আৰু মাইসিং তিমুঙৰ গৃহৰ পৰা ৬৫০ লিটাৰকে ধৰি সৰ্বমুঠ ১১০০ লিটাৰ মদ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী অহাৰ গম পায়েই মদ বেপাৰী সকলে পলাই সাৰিবলৈ সক্ষম হোৱা এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ বাতৰি লিখাৰ পৰলৈকে কৰ্তব্যৰত অৱস্থাত থকা বালিচাং আৰক্ষী বিষয়াক সোধা এক প্ৰশ্নৰ উত্তৰত কভিড১৯ পৰিস্থিতি সুস্থিৰ অবস্থালৈ নহা আৰু মদৰ ঘাটি সম্পুৰ্ন ৰূপে উৎখাত নকৰা পৰ্যন্ত এই অভিযান ধাৰাবাহিক ভাবে চলি থাকিব বুলি এই প্ৰতিবেদকক জানিব দিয়ে ৷ অভিযানৰত এই কাৰ্যত বিশেষ ভাবে সহযোগ দিয়ে বালিচাং , লচমনবস্তি আৰু মহজুলি বস্তিৰ গাওঁৰক্ষী বাহিনী সম্পাদক সকল ক্ৰমে বালিৰাম ৰংপী , জগন্নাথ কুৰ্মী আৰু ৰেৱন শৰ্মাই ৷ আৰক্ষীৰ এই এই কাৰ্যত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0