বঢ়মপুৰঃ দীপাৱলীৰ সময়তে আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ চামগুৰি সমষ্টিত শুক্ৰবাৰে বিজেপিয়ে নিৰ্বাচনী হুংকাৰ তোলে৷ শুকুৰবাৰে চামগুৰিত বিজেপিৰ অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ সম্পাদক ডিপ্লুৰঞ্জণ শৰ্মা উপস্থিত হৈ আগন্তক লোকসভা পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷
আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক সম্পাদক জনৰ উপস্থিতিত চামগুৰিৰ পুৰণিগুদামত বিজেপিৰ এক বিশাল সাংগঠনিক সভা আয়োজন কৰা হয়৷ সভাখনত চামগুৰিৰ সমষ্টিৰ অন্তৰ্গত মুঠ ২৩টা পঞ্চায়তৰ বিজেপিৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।