নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত জামুগুৰি দুৰ্গোৎসৱ সমিতিলৈ মৰিগাঁও জিলাৰ পচতীয়া নিবাসী ভূপেন্দ্ৰ মোহন গোস্বামীয়ে দুই বিঘা এক কঠা ভূমি দানসূত্ৰে আগবঢ়াইছে৷ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোস্বামীয়ে তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ অভয়ানন্দ গোস্বামী আৰু সৰ্বেশ্বৰী গোস্বামীৰ স্মৃতি ৰক্ষাৰ্থে জামুগুৰি চাৰিআলিত থকা ম্যাদী পট্টাৰ উক্ত ভূমিখিনি আগবঢ়াইছে৷
ইতিমধ্যে যোৱা ১৬ অক্টোবৰত এই ভূমিখিনি জামুগুৰি দুৰ্গোৎসৱক সমিতিলৈ আনুষ্ঠানিকভাবে হস্তান্তৰ কৰে৷ নিজাববীয়াকৈ স্থায়ী মণ্ডপ নথকাৰ হেতু বিগত সময়ছোৱাত বহু সমস্যাৰে মোকাবিলা কৰি এই পূজাভাগ জামুগুৰি চাৰিআলিৰ বজাৰগৃহতে অস্থায়ীৰূপত উদযাপন কৰি অহা হৈছিল৷