নলবাৰীঃ ১৯৮৩ চনতে আচাৰ্য্য, তান্ত্ৰিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰাজীৱ গোস্বামীৰ প্ৰচেষ্টাত নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ (গনেশ মন্দিৰ চ’ক) খুদিয়াস্থিত মা মহাকালী আশ্ৰমত ধৰ্মীয় ৰীতি নীতিৰে বৃহস্পতিবাৰে নিশা শ্যাম পূজা ও দীপাৱলী উদযাপন কৰা হয়।
উল্লেখ্য যে, মা মহাকালী আশ্ৰমৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে প্ৰতিজন লোককে শাৰীৰিক, মানসিক, আধ্যাত্মিক দিশত আগবঢ়াই নি পৃথিৱী খনত সুখ শান্তি, সমৃদ্ধিৰে জীয়াই থকাৰ প্ৰেৰণা দিয়া। তান্ত্ৰিক ৰাজীৱ গোস্বামীয়ে মা মহাকালীৰ আশীৰ্বাদত ইতিমধ্যে বহুতৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে।