গৰৈমাৰিঃ দক্ষিণ কামৰূপৰ বকোৰ ছমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ ১নং মালিবাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ অবিভাৱক সকলৰ লগতে স্থানীয় ৰাইজ। উল্লেখ্য যে, প্ৰধান শিক্ষক আব্দুল মজিদে বিদ্যালয়ৰ মধ্যহ্ন ভোজন আৰু আন্তঃগাঁথনিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি অহাৰ অভিযোগ উঠিছে৷
ৰাইজে অভিযোগ কৰা মতে, এইজন প্ৰধান শিক্ষকে বিগত প্ৰায় দুই বছৰ ধৰি বিদ্যালয়ৰ নামত আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ অজ্ঞাতে হৰলুকি কৰি নিজ গৃহত মজুত কৰি ৰাখিছে৷ মধ্যাহ্ন ভোজনৰ তালিকাত থকা নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক আহাৰ নুখোওৱাৰ অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ বিগত প্ৰায় তিনি বছৰ ধৰি বিদ্যালয়ৰ হিচাপ নিকাচ ৰাজহুৱা নকৰাৰ উপৰি ধুৰন্ধৰ প্ৰধান শিক্ষক আব্দুল মজিদে পৰিচালনা সমিতিৰ সভাপতি আব্দুল কাদেৰৰ চহী জাল কৰি দীৰ্ঘ দিন ধৰি বিদ্যালয়ৰ নামত অহা চাউল, টকা আদি উঠাই গো গ্ৰাসে গিলি খোৱাৰ অভিযোগ তুলিছে ৰাইজে৷