98
ৰঙিয়া/তুলসীবাৰীঃ ঢোলকুছিত সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত চলি থকা ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমি ফাইনেল খেল অনুষ্ঠিত হয়৷
আজিৰ খেলখন এছ এছ বি ৰঙিয়া আৰু জাৰকোনা জংগল ক্লাৱৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত জাৰকোনা জংগল ক্লাৱে ২-০ গলত এছ এছ বি ৰঙিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।