ডিজিটেল ডেস্কঃ ধৰ্ষণৰ বলি হোৱা নৱম শ্ৰেণীৰ ছাত্ৰীৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁও সভাই৷ কেৱল ইমানে নহয় চৰকাৰী সাহায্যৰ বাবে আবেদন কৰিব নোৱাৰাৰ হুকুম জাৰি কৰাৰ লগতে ধৰ্ষণকাৰীক ৰক্ষনাবেক্ষণ দিবলৈ গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰিলে নাবালিকাক৷ এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ কোৰাপুট জিলাৰ নন্দপুৰৰ বালদাত৷ জানিব পৰা মতে, বালদা এলেকাৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী আদিবাসী কিশোৰীক একে এলেকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিয়মিত ধৰ্ষণ কৰে৷ যাৰ ফলত ৫ মাহৰ অন্তঃসত্বা কিশোৰীগৰাকী৷
স্কুলৰ প্ৰধান শিক্ষক বিধুভূষণ নায়কৰ বিৰুদ্ধে কিশোৰীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰে৷ কিশোৰীগৰাকীৰ দিন মজদুৰ পিতৃয়ে গৰ্ভপাত কৰাৰো চেষ্টা চলাই যদিও চিকিৎসকে সম্ভৱ নহয় বুলি কয়৷ কিশোৰীগৰাকী অন্তঃসত্বা বুলি জানিব পৰাৰ পিছৰে পৰা স্থানীয় লোকে পৰিয়ালটোক উপদ্ৰৱ কৰিব আৰম্ভ কৰে৷ অবিবাহিত মহিলা অন্তঃসত্বা হোৱাৰ বাবে গাঁৱৰ লোকে ভোজ-ভাত দাবী কৰে৷ ভোজ-ভাত নিদিয়াৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰা হৈছে৷