নতুন দিল্লীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাত বিজেপিতকৈ এই পৰ্যন্ত আগবাঢ়ি আছে শাসনাধিষ্ঠিত আম আদমী পাৰ্টী চমুকৈ আপ। প্ৰাৰম্ভিক পৰ্যায়ৰ ভোট গণনাত দেখা গৈছে যে দিল্লীক ভেটি হিচাপে লৈ গঠিত দল আপে ৫১ খন আসনত আৰু বিজেপিয়ে ১৯ খন আসনত অগ্ৰগতি লাভ কৰিছে।
ভোটগণনাৰ প্ৰথম দুঘণ্টাৰ ট্ৰেণ্ড অনুযায়ী এগজিট পোলসমূহে দাবী কৰা ধৰণে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনত পুনৰ আপে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে। ‘আমাৰ জয়ে প্ৰমাণ কৰিব যে প্ৰকৃত দেশপ্ৰেমক। প্ৰকৃত দেশপ্ৰেম হৈছে ৰাজনীতিত জড়িত হ’লে জনতাৰ হৈ কাম কৰিবই লাগিব। শিক্ষাত গুৰুত্ব দিব লাগিব, স্বাস্থ্যখণ্ড উন্নত কৰিব লাগিব।’-বিজেপিৰ দেশপ্ৰেমৰ সংজ্ঞাক প্ৰত্যাহ্বান জনাই এইদৰে কয় আপ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই।