নতুন দিল্লীঃ পুনৰ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চমুকৈ আপ। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত ইয়াৰ স্পষ্ট ইংগিত বহন কৰি এই পৰ্যন্ত বিজেপি আৰু কংগ্ৰেছতকৈ বহুদূৰ আগবাঢ়ি আছে শাসকীয় দলটোৱে।

এগজিট পোলতো আপেই পুনৰ চৰকাৰ গঠন কৰিব বুলি কোৱা হৈছে যদিও বিজেপিৰ কেবাজনো নেতাই এগজিট ভুল হ’ব বুলি দাবী কৰি আহিছে। আনহাতে আপ দলে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে ইভিএমত খেলিমেলি সংঘটিত কৰাৰ অভিযোগ। ইয়াৰ মাজতে  প্ৰাৰম্ভিক পৰ্যায়ৰ ভোট গণনাত আপে ৫২ খন, বিজেপিয়ে ১৭খন আৰু কংগ্ৰেছ দলে ১ আসনত অগ্ৰগতি লাভ কৰিছে।

আপ যথেষ্ট আগবাঢ়ি থাকিলেও পূৰ্বৰ তুলনাত ভাল ফল লাভৰ দিশে অগ্ৰসৰ হৈছে কেন্দ্ৰৰ শাসকীয় দল বিজেপি। ২০১৫ৰ নিৰ্বাচনত মাত্ৰ ৩ আসনত জয়লাভ কৰা বিজেপিয়ে এইবাৰ ১৭খন আসনত আগবাঢ়ি থকাটোৱে সামান্য পৰিমাণে হ’লেও সুখী কৰি তুলিছে গেৰুৱা শিবিৰক। বৰ্তমানলৈ ২০ টা সমষ্টিত আপক প্ৰত্যাহ্বান জনাইছে বিজেপিয়ে। ইয়াৰে ১৭ টা সমষ্টিতে  আপক পিছপেলাই আগবাঢ়ি আছে বিজেপি।

উল্লেখ্য যে আজিৰ ভোট গণনাত নিৰ্ণয় হ’ব মুঠ ৬৭২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰে ৫৯৩ গৰাকী পুৰুষ প্ৰাৰ্থী হোৱাৰ বিপৰীতে মহিলা প্ৰাৰ্থী হৈছে ৭৯ গৰাকী।  

ইফালে আজি পুৱাৰ ভাগতে সংবাদ মাধ্যমৰ আগত বিজেপিৰ নেতা মনোজ তিৱাৰীয়ে দাবী কৰে যে ফলাফলৰ শেষত আপ নহয় বিজেপিয়েহে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হ'ব। "মই নিশ্চিত যে বিজেপিয়েই দিল্লীত চৰকাৰ গঠন কৰিব। এগজিট পোল অনুসৰি অৰৱিন্দ কেজৰিৱালৰ চৰকাৰৰ হোৱাৰ ভবিষ্যতবাণী দিলেও বিজেপিয়ে ভাল প্ৰদৰ্শন কৰি আছে। যদিও শ্বাহিনবাগত নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদী আন্দোলন সংঘটিত হৈছিল তথাপিও মোৰ কোনোধৰণৰ ভয়-শংকা নাই। কিয়নো মই নিশ্চিত যে বিজিপিয়েই শাসনলৈ আহিব আৰু এক নতুন দিগন্তৰ সূচনা কৰিব! আমি মুঠ ৫৫খন আসনত জয়ী হোৱাটো নিশ্চিত।"-পুৱাৰ ভাগত তিৱাৰীৰ দাবী।