নতুন দিল্লীঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দিল্লী বিধানসভাৰ নিৰ্বাচন। দেশৰ সকলো প্ৰান্তৰ লোকৰ দৃষ্টি এতিয়া নিৱদ্ধ হৈ পৰিছে দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত। দিল্লীৰ আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।

ইয়াৰ মাজতে দলীয় কাৰ্যালয়ত গৈ উপস্থিত হৈছে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আম আদমী পাৰ্টিৰ মুখ্য কাৰ্য্যালয়ত সাজু কৰা হৈছে বৃহৎ আকাৰৰ মঞ্চ। ৭০ খন বিধানসভা আসনৰ ভিতৰত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব বুলি এক ইংগিত পোৱা গৈছে।

অৰৱিন্দ কেজৰিৱালে দলটোৰ নেতা-কৰ্মীসকলক আহ্বান জনায় কয় যে, নিৰ্বাচনৰ ফলাফলত উৎসাহিত হৈ কোনো নেতাৰ বাবে সমৰ্থকে যাতে ফটকা নুফুটাই তাৰ বিপৰীতে মিঠাই টোপোলা বিতৰণ কৰি বিজয়ৰ উৎসৱ পালন কৰিব।

নতুন দিল্লী সমষ্টিৰ এই বাতৰি যুগুতোৱা পৰলৈকে গণনা সম্পন্ন হৈছে ৬০২৮ টা ভোটৰ। ইয়াৰে ৩৭৭৫ টা ভোট লাভ কৰিছে অৰবিন্দ কেজৰিৱালে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুনীল কুমাৰ যাদৱে লাভ কৰিছে ১৭৪৯ টা ভোট, কংগ্ৰেছে লাভ কৰিছে ৪০৮ টা আৰু ন'টা ভোটৰ সংখ্যা হৈছে ১২ টা।

এতিয়ালৈকে ৭০ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে আগবাঢ়ি আছে ১৯ খন আসনত। পূৰ্বৰ তুলনাত যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হোৱাত স্বাভাৱিকতে বিজেপিৰ শিবৰিতো দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। ইয়াৰ বিপৰীতে আম আদমি পাৰ্টী আগবাঢ়ি আছে ৫১ খন আসনত। দিল্লীত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ৩৬ খন।