newsnextone.com । টীয়কঃ যোৰহাট জিলাৰ টীয়কত সোমবাৰে আনুস্থানিকভাবে শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ এই উপলক্ষত গুৱালগাঁওস্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা কলিয়াপানী সংমণ্ডলৰ উদ্যোগত আয়োজন কৰা যোগদান সমাৰোহত  কংগ্ৰেছ দলৰ পৰা বিজয়ী হৈ টীয়ক নগৰ সমিতিৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ অভিজিত বৰুৱাই বিজেপিত যোগদান কৰে৷ এই বিষয়টোক লৈ টীয়কত ব্যাপক চৰ্চা লাভ কৰিছে ৷