newsnextone.com | ডিজিটেল ডেস্কঃ দেশ তথা কেইবাখনো ৰাজ্যৰ শাসন ভাৰ বিজেপিয়ে দখল কৰাৰ পিছত কেইবাগৰাকীও নেতা-মন্ত্ৰী-বিধায়কে বিতৰ্কিত মন্তব্য প্ৰদান কৰি চৰ্চাত থকা পৰিলক্ষিত হৈ আহিছে৷ বিজেপিৰ নেতা, মন্ত্ৰী-বিধায়কৰ বিতৰ্কিত মন্তবই দলৰ ভিতৰচৰাতো অসন্তুষ্টি বৃদ্ধি কৰিছে৷
আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ বিতৰ্কিত মন্তব্য নিদিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷ কিন্তু তাৰ পাছতো একাংশ বিজেপি নেতা, বিধায়কৰ মন্তব্যই সংবাদ মাধ্যমত খলকনি সৃষ্টি কৰিছে৷