57
গোৰেশ্বৰঃ বিজেপি দলটোৱে শাসনলৈ আহিলে ২৪ ঘন্টাই বিদ্যুত যোগান লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ এতিয়া সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হল। গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ লগে লগে বিদ্যুতৰ লুকাভাকু ইতিমধ্যে আৰম্ভ হৈছে।
বিদ্যুত বিভাগে মূহুৰ্তে-মূহুৰ্তে বিদ্যুত বিল বৃদ্ধি কৰি গ্ৰাহকক মাধমাৰ দিছে যদিও বিদ্যুত সেৱাৰ মানদণ্ড হলে উন্নত কৰিব পৰা নাই৷ বাগসা জিলাৰ খোদ গোৰেশ্বৰ চহৰখনত যোৱা চৈধ্য দিন ধৰি ব্যাহত হৈ আছে বিদ্যুত যোগান।