গুৱাহাটীঃ কংগ্ৰেছে কেৱল লুটি-পুটি খোৱাৰ নীতিক বিশ্বাস কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে চবকা সাধ চবকা বিকাশৰ নীতিক বিশ্বাস কৰে৷ যাৰ ফলত আজি ‘নৰ্থ ইষ্ট’ আগবাঢ়ি গৈছে৷ মই এদিন বুথ অধ্যক্ষ আছিলো৷ বিজেপিতহে কেৱল বুথ অধ্যক্ষৰ পৰা ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী হ’ব পাৰে৷ আন কোনো দলত এয়া সম্ভৱ নহয়৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ৷
শনিবাৰে পুৱাই দুদিনীয়া ভ্ৰমণসূচীৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীত উপস্থিত হৈ খানাপাৰত বুথ সমিতিৰ কৰ্মকৰ্তা সন্মিলনত অংশ লয়৷ তাৰ পূৰ্বে বৰঝাৰ বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সাণোৱালে শ্বাহক আদৰণি জনায়৷