newsnextone.com| ওদালগুৰিঃ দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ সময়তে স্বাধীনতাক নসাত্ কৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত গগণ চুমি ক’লা পতাকা উৰি থকা দেখিবলৈ পোৱা গ’ল। স্বাধীনতা দিৱস উদযাপনৰ প্ৰাক ক্ষণত ওদালগুৰি চহৰৰ পৰা প্ৰায় ২০ কিঃমিঃ উত্তৰ-পশ্চিম দিশত অৱস্থিত নং ১ আমজুলিৰ এখন মধ্য ইংৰাজী বিদ্যালয়ত নিশা দুৰ্বৃত্তই ক’লা পতাকা উৰুওৱা কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
অঞ্চলটোৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত নং ১ মিলনজ্যোতি মাধ্যমিক বিদ্যালয়ত নিশা দুৰ্বৃত্তই উৰুৱাই থৈ যায় পতাকাখন। পুৱা প্ৰায় ৬ঃ৩০ বজাত বিদ্যালয়খনৰ চকীদাৰ গৰাকী বিদ্যালয়ত উপস্থিত হৈ ঘটনাটি প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষকক অৱগত কৰে। পাছত প্ৰধান শিক্ষকে বিষয়টো প্ৰশাসনক অৱগত কৰে।