কোকৰাঝাৰঃ ৰক্তদান মহৎ দান৷ তেজ দান কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰাটোৰ সমান মহান কাম হয়তো আন একো হব নোৱাৰে৷ এই মহান উদ্দেশ্য আগত ৰাখিয়েই কোকৰাঝাৰৰ বালাজান তিনালী স্মাইল ৱেলফায়াৰ চচাইটিৰ উদ্যোগত দেওবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।
ৰক্তদান শিবিৰত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়কে ধৰি বালাজান তিনালী অঞ্চলৰ বহু সংখ্যক যুৱক-যুৱতীয়ে স্বেচ্ছাই ৰক্তদান কৰে। ৰক্তদান শিৱিৰতে বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰৰো অনুষ্ঠিত হয়।