গোৰেশ্বৰঃ বড়ো জাতিৰ উন্নয়ণৰ স্বাৰ্থত এবছুৰ উদ্যোগত তেতিয়া উত্তৰ অসমত তীব্ৰ আন্দোলনে গা কৰি উঠিছিল। ১৯৮৯ চনত বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ মাগুৰমাৰীত দুৰ্বৃত্তই বড়ো পৰিয়ালৰ গৃহত অগ্নিসংযোগ কৰাৰ পিছত তেতিয়াৰ গোৰেশ্বৰ আঞ্চলিক এবছুৰ সভাপতি চমসাৰ বড়োৰ সৈতে উপ-সভাপতিৰ দায়িত্বত থকা সমীন বসুমতাৰীয়ে কাপোৰ আৰু খাদ্য সাহায্য লৈ ৰাওনা হৈছিল। কিন্তু কেৰ্পাভিঠাত অসম আৰক্ষীৰ বেটালিয়ানে দুয়োকে আটক কৰি দানৱৰ দৰে জপিয়াই পৰি প্ৰহাৰ কৰে।
বেটালিয়ানে সৰ্বশক্তি প্ৰয়োগ কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ পিছত গোৰেশ্বৰ থানাৰ বাৰান্দাত দুয়োকে পেলাই থয়। পৰিয়ালে মৃত্যু হোৱা বুলিয়ে ধৰি লৈছিল। পাঁচ মাহ জেলত কটোৱাৰ পিছত প্ৰাণটো বাচিছিল যদিও জীৱন ঘুনীয়া হৈছিল দুয়োৰে। পৰৱৰ্ত্তী সময়ত চমসাৰৰ মৃত্যু ঘটিছিল। কিন্তু শৰীৰত তীব্ৰ যন্ত্ৰণা লৈ জীয়াই থাকিল সমীন বসুমতাৰী। বড়ো জনগোষ্ঠীয়ে নিজ জাতিৰ উত্থান, সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে বিটিএডিত আজি যি পৰিৱেশ পাইছে তাৰ হকে নিস্বাৰ্থ ভাৱে ওৰেটো জীৱন আন্দোলন কৰিও একপ্ৰকাৰ এলাগী হৈ ৰৈছে এসময়ৰ বড়ো আন্দোলনৰ নেতা সমীন বসুমতাৰীৰ দৰে জাতিক ভালপোৱা বহু বড়ো লোক।