Home ৰাজ্যসত্যম বৃদ্ধাশ্রমত কাতি বিহু পালন ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ

সত্যম বৃদ্ধাশ্রমত কাতি বিহু পালন ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ

by News Desk
107 views
A+A-
Reset

গৌৰীসাগৰঃ আজি অসমৰ সাংস্কৃতিক জগতত এক সুকীয়া পৰিচয়েৰে উজ্বল ভবিষ্যতৰ দিশে আগবঢ়া মহান সাংস্কৃতিক মঞ্চ ত্রিলোচনন সাংস্কৃতিক মঞ্চৰ জন্ম প্ৰতিষ্ঠা বাৰ্ষিকী৷ উল্লেখ্য যে, ২০১৫ চনৰ ১৮ অক্টোবৰৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল এই সাংস্কৃতিক মঞ্চই৷ বিগত বছৰ সমূহত অসমীয় সংস্কৃতিক জগতত মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টিৰাজিৰ নাট ভাওঁনাকে আদি কৰি অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰি আহিছে এই সাংস্কৃতিক মঞ্চই৷

আজি ত্রিলোচন সাংস্কৃতিক মঞ্চৰ দ্বিতীয় জন্ম জয়ন্তী উপলক্ষে মঞ্চৰ কৰ্মকৰ্তাসকলে শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অৱস্থিত সত্যম বৃদ্ধাশ্রমত উপস্থিত হৈ মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন কৰে৷ বৃদ্ধাশ্রমত বাস কৰা ককা-আইতাসকলৰ লগত মত বিনিময় কৰাৰ লগতে গামোছাৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহুটিৰ শুভেচ্ছা জ্ঞাপন কৰে৷ পৰিয়ালৰ পৰা আতৰত থকা বৃদ্ধ ককা আইতা সকলৰ লগত আজি ত্ৰিলোচন মঞ্চৰ কৰ্মকৰ্তা সকলে পিঠা লাৰু খাই বৃদ্ধাশ্ৰমত কাতি বিহু পালন কৰে৷ ত্ৰিলোচন মঞ্চৰ কাতি বিহুৰ দিনা লোৱা এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0