51
ওৰাংঃ পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ একত্ৰিত হ’ল ৰাজ্যৰ বড়ো জনতা। আজি ওদালগুৰি জিলাৰ ৰৌতাত আয়োজিত এবছু, এনডিএফবি, জইন্ট একছন কমিতিৰ নেতৃত্বত আয়োজন কৰা জনসভাত পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বড়ো ৰাইজ ওদালগুৰি জিলালৈ ঢাপলি মেলে।
চাৰিখন জিলাৰ উপৰিও বিশেষকৈ ধেমাজি, লক্ষীমপুৰ, শোণিতপুৰ হাজাৰ হাজাৰ ৰাইজে ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হয়।