কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডৰ দাবীত তথা প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ অাৰু নিৰাপত্তা সুনিশ্চিতকৰণৰ দাবীত অাজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এবছু , এনডিএফবি(প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত বড়ো মহিলাসকলে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
ইয়াৰে অংশস্বৰূপে অাজি কোকৰাঝাৰত কেবা সহস্ৰাধিক বড়ো মহিলাই ডিভাইড আসাম ৫০/৫০ শ্লোগানৰে ব্যাতিক্ৰমীভাৱে গণ চিঞৰ কায্যসূচীৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰতো পৃথক বড়োলেণ্ড ৰাজ্য গঠন তথা প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ আৰু নিৰাপত্তা সুনিচ্ছিত কৰাৰ দাবীত অনুষ্ঠিত হোৱা তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত বড়ো মহিলা সকলে তিনি ঘন্টীয়া ব্যাতিক্ৰমী ধৰ্ণা কাৰ্যসূচী ব্যাতিক্ৰমীভাৱে ৰূপায়ণ কৰে।