61
চিৰাংঃ চিৰাঙৰ বিজনীত প্ৰথম যুৱ মহোৎসৱ আৰম্ভ হৈছে। বিজনী জিলা যুৱ বড়োলেণ্ড পিপলচ ফ্ৰণ্টৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ এই যুৱ মহোৎসৱ।
অসম খনিজ সম্পদ উন্নয়ন নিগমৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক কমলসিং নাৰ্জাৰীয়ে উদ্বোধন কৰিলে এই মহোৎসৱ। শান্তিৰ কামনাৰে কপৌ চৰাই উৰুৱায় বিজনীৰ মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্ম সহ অন্যান্য বিশিষ্ট ব্যক্তিয়ে৷