কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পূৰ্বৰ পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালকক ৰাজ্যপাালে এক নিৰ্দেশনাযোগে অপসাৰণ কৰাৰ পিছতেই উত্তপ্ত হৈ পৰা বিশ্ববিদ্যালয়ৰ পৰিৱেশ অদ্যপি শাম কটা নাই।
এনে এক পৰিৱেশৰ মাজতে আজি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই নিজ কাৰ্যালয় কক্ষত আয়োজন কৰা এক সংবাদমেলযোগে ৰাজ্যপাল তথা বডোলেণ্ড বিশ্ববিদ্যালয়খনৰ আচাৰ্য বানোৱাৰীলাল পুৰোহিতৰ নিৰ্দেশমৰ্মে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰূপে প্ৰহ্লাদ বসুমতাৰীয়ে নিযুক্তি লাভ কৰা বুলি সদৰী কৰিছে। ৰাজ্যপালৰ নিৰ্দেশনাৰ পিছতে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰূপে দায়িত্বভাৰ হাতত লৈছে প্ৰহ্লাদ বসুমতাৰীয়ে।