নতুন দিল্লীঃ  ভাৰতৰ সৰ্বদৈৰ্ঘৰ ৰে'ল-পথ বগীবিল দলং মকলি কৰা হ'ব অহা ২৫ ডিচেম্বৰত। সেইদিনা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় 'দক্ষ প্ৰশাসন দিৱস' ( Good Governance Day)।

১৯৯৭ চনৰ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই আধাৰশিলা স্থাপন কৰা আৰু ২০০২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে নিৰ্মাণকাৰ্য আৰম্ভ কৰা তথা কংগ্ৰেছ চৰকাৰৰ দিনত অধিকাংশ কাম হোৱা এই দলংখন সেইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব।

নিৰ্মাণ সমাপ্তিৰ লক্ষ্যত উপনিত হোৱাত কেইবাবাৰো বিফল হোৱা দলংখনেৰে ইতিমধ্যে মালবাহী ৰে'লগাড়ী পৰীক্ষামূলকভাৱে চলোৱা হৈছে আৰু ইয়াৰ ভি ডি অ' ৰে'ল মন্ত্ৰী পীয়ুজ গোৱেলে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে।

উত্তৰ পাৰে ধেমাজী আৰু দক্ষিণ পাৰে ডিব্ৰুগড়ক সংযোগ কৰা দলংখনৰ নামাকৰণক লৈ এতিয়া বাদ-বিবাদৰ সৃষ্টি হোৱা দেখা গৈছে। অসমৰ সংস্কৃতিলৈ প্ৰভুত অৱদান আগবঢ়োৱা চুতিয়াসকলৰ সতী সাধনীৰ নামত এই দলঙৰ নাম হ'ব লাগে বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে আহোমসকলৰ প্ৰথমজন স্বৰ্গদেউ চ্যুকাফাৰ নামত ইয়াৰ নাম হ'ব লাগে বুলি একাংশই মত দিছে। ইফালে বি জে পিয়েও দলংখনৰ নাম অটল বিহাৰী বাজপায়ীৰ নামত কৰাৰ বাবে চেষ্টা কৰি আছে।

তলত বগীবিল দলঙত প্ৰথমবাৰৰ বাবে পৰীক্ষামুলকভাৱে ৰেল চলাচল কৰাৰ দৃশ্যঃ