কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বোকাজান আঞ্চলিক সমিতিৰ সহযোগত বুধবাৰে বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাৰ উচিত ন্যায়ৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ অসমীয়া শিল্পী দলক উলংগ হৈ নাচিবলৈ কোৱা তথা শিল্পীৰ দলটোক কৰা এনে অশালীন মন্তব্য আৰু ব্যৱহাৰৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷
দিনৰ ১১ বজাৰপৰা ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ লগতে বোকাজান আঞ্চলিক সমিতিৰ সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ সংস্কৃতিৰ নামত অপ-সংস্কৃতি বন্ধ কৰক, সংস্কৃতিৰ নামত ব্যাভিচাৰ ৰোধ কৰক, নাৰী সুৰক্ষা নিশ্চিত কৰক, শিল্পীক সন্মান প্ৰদান কৰক, দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷