128
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ একুৰি পোন্ধৰ বছৰত ভৰি দিয়া কাৰ্বি আংলঙৰ ঐতিহ্যমণ্ডিত বোকাজান কেন্দ্ৰীয় ব’হাগী উৎসৱ অহা ১৩, ১৪ আৰু ১৫ মে’ত তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ব্লক বাকৰিৰ কেন্দ্ৰীয় বিহুতলীত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷
সেই উপলক্ষে প্ৰাণজিৎ গগৈক সভাপতি, মণ্টু নাথক কাৰ্যকৰী সভাপতি, চন্দন ফুকন আৰু অৰ্জুন থাপাক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷