77
বোকাজানঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দৰ মাজতে আজি পুৱতি নিশা বোকাজানৰ বৰমান্থিত উদ্ধাৰ হয় এটা মৃতদেহ৷ ইতিমধ্যে মৃতদেহটো বিশাল গড় নামৰ যুৱক এজনৰ বুলি চিনাক্ত কৰা হৈছে৷
ডিলাই পৰ্বতৰপৰা বোকাজানৰ বিলাতী মাটি কাৰখানালৈ চূণশিল সৰবৰাহ কৰা ৰ’পৱেৰ খুঁটাত ওলমি আছিল মৃতদেহটো৷ স্থানীয় ৰাইজে পুৱাৰ ভাগত মৃতদেহটো প্ৰত্যক্ষ কৰি বোকাজান আৰক্ষীক অৱগত কৰে।